অপ্ৰাপ্তবয়স্কৰ মদ্যপান

>অপ্ৰাপ্তবয়স্কৰ মদ্যপান হৈছে যেতিয়া কোনো এজন লোকে ন্যুনতম মদ্যপান কৰাৰ বৈধ বয়স 21 বছৰৰ কম অৱস্থাত মদ্যপান কৰে।অপ্ৰাপ্তবয়স্কৰ মদ্যপান হৈছে এটা বিপদ যিয়ে বহুতো বিকাশশীল কিশোৰ-কিশোৰী তথা উনৈশ অনুৰ্ধৰ লোকক আকৰ্ষিত কৰে। তেওঁলোকে প্ৰায়ে মদ্যপানে তেওঁলোকৰ নিজৰ জীৱন, তেওঁলোকৰ পৰিয়াল তথা সমাজৰ ওপৰত পেলোৱা হানিকাৰক প্ৰভাৱৰ বিষয়ে

কিশোৰ-কিশোৰীয়ে কিয় মদ্যপান কৰে ?

গুণমানসম্পন্ন অধ্যযনৰ ফলত জানিব পৰা গৈছে যে অপ্ৰাপ্তবয়স্কৰ মদ্যপান কেইবাটাও কাৰণত সংঘটিত হয় আৰু সেই মাদক দ্ৰব্যই প্ৰতীকিৰপৰা আৰম্ভ কৰি ব্যৱহাৰিক ধৰণলৈকে সামাজিক পটভূমিত বিভিন্ন ভূমিকা সম্পন্ন কৰিব পাৰে। ই এই কাৰণবোৰ কেৱল চিনাক্তকৰণ বা ‘প্ৰাপ্তবয়স্ক’ লোকৰ আচৰণ নকল কৰাৰে প্ৰশ্ন নহয়।
বৰ্তমান পৰিস্থিতিত শিশুৱে কিয় মদ্যপান কৰে সেই কথা বুজিবলৈ চেষ্টা কৰাটো অতি জৰুৰী যাতে আপুনি ৰুচিসন্মত পচন্দ গঢ়ি তুলিবলৈ আপোনাৰ শিশুটিক প্ৰভাৱিত কৰিব পাৰে।

প্ৰথমবাৰ মদ্যপান কৰাৰ অভিজ্ঞতাখিনি আনকি বৰ সুখকৰ নহ’লেও শিশুৱে মদ্যপান চলাই যাব পাৰে। সিহঁতে ইয়াৰ সোৱাদটো বা ইয়াৰ অনুভৱখিনি ভাল নাপাব পাৰে কিন্তু সিহঁতে প্ৰায়ে বিৰোধ সত্বেও এই কামত অগ্ৰসৰ হয়। অপ্ৰাপ্তবয়স্ক অৱস্থাতে মদ্যপানৰ বিপদাশংকাসমূহ বুজি পোৱাটো সিহঁতৰ বাবে গুৰুত্বপূৰ্ণ হ’লেও আপুনি মাদক দ্ৰব্যৰ বিপৰীতধৰ্মীতা বা অপকাৰিতা আৰু মানুহে কিয় মদ্যপান কৰে সেই কথাবোৰ প্ৰথমবাৰৰ বাবে সিহঁতক অৱগত নকৰা পৰ্যন্ত সিহঁতে সেই কথাবোৰ শুনিব বা বিশ্বাস কৰিব নিবিচাৰে।

বিপদ-বহন—গৱেষণাৰ ফলত জানিব পৰা গৈছে যে কুৰি বছৰ বয়সত মগজুটো ভালদৰেই বিকশিত হৈ থাকে, যি সময়ত ই গুৰুত্বপূৰ্ণ তথ্য আদান-প্ৰদান সংযোগ ব্যৱস্থা প্ৰতিস্থা কৰাটো অব্যাহত থাকে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ স্বাভাৱিক কাম-কাজ পুনঃসংশোধিত কৰে। বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে এই দীঘলীয়া বিকাশমূলক সময়ছোৱাই কিছুমান আচৰণৰ ব্যাখ্যা আগবঢ়োৱাত সহায় কৰিব পাৰে যিবোৰ হৈছে কৈশোৰাৱস্থাৰ বৈশিষ্ট্য স্বৰূপ- যেনে নতুন তথা সম্ভাব্য বিপদজনক অৱস্থা সন্ধান কৰাৰ সিহঁতৰ স্বাভাৱিক প্ৰবৃত্তি। কিছুমান কিশোৰ-কিশোৰীৰ বাবে, শিহৰণ-সন্ধানৰ মাজত অন্তৰ্ভুক্ত থাকিব পাৰে মাদক দ্ৰব্যৰ সোৱাদ লোৱা। বিকাশমূলক পৰিৱৰ্তনসমূহে এক সম্ভাব্য শাৰীৰিক কৈফিয়তো প্ৰদান কৰে যাৰ বাবে কিশোৰ-কিশোৰীহঁতে হঠকাৰী ক্ৰিয়া-কলাপত লিপ্ত হয়, যিবোৰ প্ৰায়ে সিহঁতে কৰিছোঁ বুলি স্বীকাৰ নকৰে- যেনে মদ্যপান- যাৰ আছে বহুতো বিষম পৰিণতি।

Please select the social network you want to share this page with: