
কিশোৰ-কিশোৰীয়ে কিয় মদ্যপান কৰে ?
গুণমানসম্পন্ন অধ্যযনৰ ফলত জানিব পৰা গৈছে যে অপ্ৰাপ্তবয়স্কৰ মদ্যপান কেইবাটাও কাৰণত সংঘটিত হয় আৰু সেই মাদক দ্ৰব্যই প্ৰতীকিৰপৰা আৰম্ভ কৰি ব্যৱহাৰিক ধৰণলৈকে সামাজিক পটভূমিত বিভিন্ন ভূমিকা সম্পন্ন কৰিব পাৰে। ই এই কাৰণবোৰ কেৱল চিনাক্তকৰণ বা ‘প্ৰাপ্তবয়স্ক’ লোকৰ আচৰণ নকল কৰাৰে প্ৰশ্ন নহয়।
বৰ্তমান পৰিস্থিতিত শিশুৱে কিয় মদ্যপান কৰে সেই কথা বুজিবলৈ চেষ্টা কৰাটো অতি জৰুৰী যাতে আপুনি ৰুচিসন্মত পচন্দ গঢ়ি তুলিবলৈ আপোনাৰ শিশুটিক প্ৰভাৱিত কৰিব পাৰে।
প্ৰথমবাৰ মদ্যপান কৰাৰ অভিজ্ঞতাখিনি আনকি বৰ সুখকৰ নহ’লেও শিশুৱে মদ্যপান চলাই যাব পাৰে। সিহঁতে ইয়াৰ সোৱাদটো বা ইয়াৰ অনুভৱখিনি ভাল নাপাব পাৰে কিন্তু সিহঁতে প্ৰায়ে বিৰোধ সত্বেও এই কামত অগ্ৰসৰ হয়। অপ্ৰাপ্তবয়স্ক অৱস্থাতে মদ্যপানৰ বিপদাশংকাসমূহ বুজি পোৱাটো সিহঁতৰ বাবে গুৰুত্বপূৰ্ণ হ’লেও আপুনি মাদক দ্ৰব্যৰ বিপৰীতধৰ্মীতা বা অপকাৰিতা আৰু মানুহে কিয় মদ্যপান কৰে সেই কথাবোৰ প্ৰথমবাৰৰ বাবে সিহঁতক অৱগত নকৰা পৰ্যন্ত সিহঁতে সেই কথাবোৰ শুনিব বা বিশ্বাস কৰিব নিবিচাৰে।
বিপদ-বহন—গৱেষণাৰ ফলত জানিব পৰা গৈছে যে কুৰি বছৰ বয়সত মগজুটো ভালদৰেই বিকশিত হৈ থাকে, যি সময়ত ই গুৰুত্বপূৰ্ণ তথ্য আদান-প্ৰদান সংযোগ ব্যৱস্থা প্ৰতিস্থা কৰাটো অব্যাহত থাকে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ স্বাভাৱিক কাম-কাজ পুনঃসংশোধিত কৰে। বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে এই দীঘলীয়া বিকাশমূলক সময়ছোৱাই কিছুমান আচৰণৰ ব্যাখ্যা আগবঢ়োৱাত সহায় কৰিব পাৰে যিবোৰ হৈছে কৈশোৰাৱস্থাৰ বৈশিষ্ট্য স্বৰূপ- যেনে নতুন তথা সম্ভাব্য বিপদজনক অৱস্থা সন্ধান কৰাৰ সিহঁতৰ স্বাভাৱিক প্ৰবৃত্তি। কিছুমান কিশোৰ-কিশোৰীৰ বাবে, শিহৰণ-সন্ধানৰ মাজত অন্তৰ্ভুক্ত থাকিব পাৰে মাদক দ্ৰব্যৰ সোৱাদ লোৱা। বিকাশমূলক পৰিৱৰ্তনসমূহে এক সম্ভাব্য শাৰীৰিক কৈফিয়তো প্ৰদান কৰে যাৰ বাবে কিশোৰ-কিশোৰীহঁতে হঠকাৰী ক্ৰিয়া-কলাপত লিপ্ত হয়, যিবোৰ প্ৰায়ে সিহঁতে কৰিছোঁ বুলি স্বীকাৰ নকৰে- যেনে মদ্যপান- যাৰ আছে বহুতো বিষম পৰিণতি।
আকাংক্ষাসমূহঃ —মাদক দ্ৰব্য আৰু ইয়াৰ কুপ্ৰভাৱৰ বিষয়ে মানুহে কেনে মনোভাৱ গ্ৰহণ কৰে সেই কথাইও তেওঁলোকৰ মদ্যপানজনিত আচৰণত প্ৰভাৱ পেলায়, তাৰ ভিতৰত আছে তেওঁ মদ্যপান কৰিবলৈ আৰম্ভ কৰাটো আৰু তাৰ পৰিমাণ। এটি মদ্যপান কৰিব বিচৰা কিশোৰতকৈ এটি মদ্যপান নকৰা কিশোৰৰপৰা সুখদায়ক অভিজ্ঞতাৰ সম্মুখীণ হোৱাৰ অধিক সম্ভাৱনা থাকে। মাদক দ্ৰব্যৰ ওপৰত কৰা অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে শৈশৱৰপৰা আৰম্ভ কৰি কৈশোৰাৱস্থা আৰু সদ্য প্ৰাপ্তবয়স্কপ্ৰাপ্ত লোকৰ মদ্যপানৰ ধৰণত আকাংক্ষাই কেনেকৈ প্ৰভাৱিত কৰে তাৰ ওপৰত মনোনিৱেশ কৰা। মাদক দ্ৰব্য সংক্ৰান্তীয় বিশ্বাসযোগ্য কথাবোৰ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়তে প্ৰতিস্থিতি কৰা উচিত, আনকি শিশুৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আৰম্ভ কৰাৰ আগতেই।
মাদক দ্ৰব্যৰ প্ৰতি সংৱেদনশীলতা আৰু সহিষ্ণুতা—প্ৰাপ্তবয়স্ক আৰু পৈণতাৰ দিশে অগ্ৰসৰ হোৱা কৈশোৰাৱস্থাৰ মগজুৰ মাজত থকা পাৰ্থক্যসমূহেও মদ্যপান কৰি কলমটিয়াই থকা, সমন্বয়ৰ অভাৱ ঘটা আৰু নিচা যোৱাৰ পাছৰ/সুৰাপানৰ পাছৰ মূৰ কামোৰণি ইত্যাদিৰ নিচিনা মদ্যপানৰ ঋণাত্মক পৰিণতিসমূহৰ সম্মুখীণ হোৱাৰ আগেয়ে বহু কম বয়সীয়া সুৰাপায়ীয়ে প্ৰাপ্তবয়্স্ক লোকতকৈ কিয় বেছি পৰিমাণে মাদক দ্ৰব্য সেৱন কৰে তাৰ ব্যাখ্যা আগবঢ়োৱাত সহায় কৰিব পাৰে। এই অস্বাভাৱিক সহিষ্ণুতাই সদ্য প্ৰাপ্তবয়স্কসকলৰ মাজত আমোদ-প্ৰমোদৰ অৰ্থে সুৰাপানৰ উচ্চ মাত্ৰাৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাত সহায় কৰিব পাৰে। একে সময়তে, কিশোৰ-কিশোৰীহঁত সুৰাপানৰ ইতিবাচক প্ৰভাৱসমূহ যেনে- সামাজিক পৰিস্থিতিত অধিক সহজ বোধ কৰা নিচিনা অনুভৱৰ প্ৰতি বিশেষভাৱে সংৱেদনশীল হোৱা যেন দেখা যায়, আৰু এই ইতিবাচক সামাজিক অভিজ্ঞতাৰ কাৰণেই কম বয়সীয়া লোকে প্ৰাপ্তবয়স্ক লোকতকৈ অধিক পৰিমাণে সুৰাপান কৰিব পাৰে।
ব্যক্তিত্বজনিত বৈশিষ্ট্য আৰু মানসিক সহৰুগ্নতা— অতি কম বয়সতে সুৰাপান কৰিবলৈ আৰম্ভ কৰা শিশুৱে প্ৰায়ে সদৃশ ব্যক্তিত্বজনিত বৈশিষ্ট্য বহন কৰে যিবোৰে সিহঁতক সুৰাপান কৰিবলৈ আৰম্ভ কৰোৱাৰ অধিক সম্ভাৱনা থাকে। যিবোৰ কম বয়সীয়া লোক বিশৃংখল, অতিসক্ৰিয় আৰু আক্ৰমণাত্মক- তেওঁলোকৰ প্ৰায়ে আচৰণজনিত সমস্যা বা সমাজবিৰোধী হোৱা দেখিবলৈ পোৱা যায়- তাৰ লগতে যিসকল হতাশাগ্ৰস্ত, বিচ্ছিন্ন নাইবা উদ্বিগ্ন, তেওঁলোক মাদক দ্ৰব্যজনিত সমস্যাত পৰাৰ অতি গুৰুতৰ বিপদাশংকা থাকিব পাৰে। মাদক দ্ৰব্য ব্যৱহাৰৰ লগত জড়িত অন্যান্য আচৰণজিত সমস্যাসমূহৰ ভিতৰত আছে বিদ্ৰোহী মনোভাৱ, হানি বা হানিকাৰক পৰিস্থিতিৰ জটিলতা পৰিহাৰ কৰা আৰু কম বয়সীয়া লোকৰ মাজত অন্যান্য চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ পোষক যি অন্য লোকৰ অনুভৱ আৰু নীতি-নিয়মৰ প্ৰতি গ্ৰাহ্য নকৰাকৈ কৰ্মত লিপ্ত হয়।
(চিকিত্সাবিজ্ঞানত, সহৰুগ্নতা হৈছে এক প্ৰাথমিক ৰোগ বা বিসঙ্গতিৰ লগত একেলগে উদ্ভৱ হোৱা এক বা একাধিক অতিৰিক্ত বিসঙ্গতি (বা ৰোগ)ৰ উপস্থিতি ; বা তেনে অতিৰিক্ত বিসঙ্গতি বা ৰোগৰ প্ৰভাৱ। এই অতিৰিক্ত বিসঙ্গতি আচৰণজনিত বা মানসিক বিসঙ্গতিও হব পাৰে।)
উত্তৰাধিকাৰজনিত কাৰকসমূহ—কিছুমান আচৰণজনিত তথা শাৰীৰিক কাৰক যিয়ে এজন লোকৰ সুৰাপানজনিত সমস্যাৱলীৰ বিপদাশংকা হ্ৰাস বা বৃদ্ধিক সামৰি লয়, তাৰ ভিতৰত আছে মাদক দ্ৰব্যৰ কুপ্ৰভাৱৰ প্ৰতি সহিষ্ণুতা, যিবোৰ প্ৰত্যক্ষভাৱে জেনেটিকছৰ লগত জড়িত থাকিব পাৰে। উদাহৰণ স্বৰূপে, এজন সুৰাপায়ী লোক বা কেইবাজনো সুৰাপায়ী লোক থকা পৰিয়ালৰ এজন লোকৰ শিশুটিৰ মাদক দ্ৰব্যজনিত সমস্যাৰ গুৰুতৰ বিপদাশংকা থাকে। সুৰাপানৰ লগত নিকট সান্নিধ্যত নথকা শিশুৰ তুলনাত সুৰাপায়ী লোকৰ শিশুহঁত (COAs) সুৰাপায়ী হোৱাৰ সম্ভাৱনা 4 আৰু 10 গুণ অধিক সম্ভাৱনা থাকে। COAsসকল কম বয়সতে সুৰাপান কৰিবলৈ আৰম্ভ কৰাৰ অধিক সম্ভাৱনা থাকে আৰু তেওঁলোকৰ সুৰাপানজনিত সমস্যা অধিক দ্ৰুততাৰে বৃদ্ধি পায়।