সংযত মদ্যপান

সুৰাসক্তি মানে হৈছে মদ্যপা৩ন কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰা বা কেতিয়াবা কেতিয়াবা অতি গুৰুত্বপূৰ্ণ হৈ পৰা, কোনো এজন লোকৰ জীৱনৰ কাৰক হৈ পৰে আৰু ইয়াৰ অবিহনে তেওঁলোকে কোনো ধৰণৰ কাম-কাজ কৰিব নোৱৰা যেন অনুভৱ কৰা।মাদক দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীলতাই বিভিন্ন ধৰণে কাম কৰে। এই মাপদণ্ডৰ এটা মূৰত আপুনি এনেকুৱা মানবহ লগ পাব যিসকল অলপীয়া ধৰণে নিৰ্ভৰশীল। সেইসকল হ’ল তেওঁলোক, উদাহৰণ স্বৰূপে যিসকলে অলপমান সুৰাপান কৰিবৰ বাবে যথেষ্ট মদ্যপান নকৰালৈকে শুকুৰবাৰৰ

14

Aug 2015

মাদক দ্ৰব্য নিৰ্ভৰশীলতাৰ লক্ষণসমূহ কি কি ?

Posted by / in সংযত মদ্যপান / No comments yet

সুৰাসক্তি আৰু সুৰাৰ অপব্যৱহাৰৰ লক্ষণসমূহ প্ৰায় একে আৰু ইহঁতক প্ৰায়ে মাত্ৰা বা প্ৰবলতাৰেহে চিনিব পাৰি।
সুৰাৰ অপব্যৱহাৰৰ লগতে সুৰাসক্তিৰ কিছুমান চিন আৰু লক্ষণৰ ভিতৰত আছেঃ

  1. অকলশৰীয়া সুৰাপান।
  2. গোপনে সুৰাপান।
  3. কিমান পৰিমাণে সুৰাপান কৰিব লাগে তাক সীমাবদ্ধ কৰিব নোৱৰা।
  4. ব্লেকিং আউট- সময়বোৰ খণ্ড বিখণ্ডকৈ মনত ৰাখিবলৈ অসমৰ্থ হয়।
  5. নিতান্তই যান্ত্ৰিকভাৱে কাম কাজ কৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া এই যান্ত্ৰিক আচৰণে আমনি কৰে বা মন্তব্য দিবলৈ ধৰে তেতিয়া বিৰক্তিকৰ/আমনিদায়ক হৈ উঠে। এইবোৰ মদ্যপান কৰাৰ আগেয়ে/কৰি থকাৰ সময়ত/ভোজনৰ পাছত বা কাম কৰাৰ পাছতো হ’ব পাৰে।
  6. ব্যক্তিজনে অধঃপতিত অভিৰুচি আৰু ক্ৰিয়াকলাপবোৰ উপভোগ কৰিবলৈ ধৰে, ৰুচি-অভিৰুচিৰ ওপৰত আগ্ৰহ কমি যায়।
  7. সুৰাপান কৰিবলৈ প্ৰবল ইচ্ছা জন্মে।
  8. সুৰাপান কৰাৰ সময়খিনি আহি পৰাৰ লগে লগে অস্থিৰ অনুভৱ কৰিবলৈ ধৰে। যদিহে মদ্যপান কৰিবলৈ নাপায় বা মদ্যপান কৰিবলৈ কোনো সম্ভাৱনা নথকা যেন দেখে তেন্তে এই অনুভৱখিনি অধিক তীব্ৰ হৈ উঠে।
  9. সম্ভাৱনা নথকা ঠাইবোৰত মাদক দ্ৰব্য মজুত কৰি ৰাখিবলৈ ধৰে।
  10. নিচা লাগিবৰ বাবে মাদক দ্ৰব্য গোগ্ৰাসে গিলে আৰু তাৰ পাছতহে সুস্থ অনুভৱ কৰে।
  11. সম্পৰ্কীয় লোকৰ লগত সম্বন্ধ জটিল হৈ পৰে (সুৰাপানৰ ফলত সেয়া আৰু অৱনতি ঘটে)।
  12. আইন ব্যৱস্থাৰ লগত সম্পৰ্ক জটিল হৈ পৰে (সুৰাপানৰ বাবে)।
  13. কাম কাজ কৰাত অসুবিধা পায় (সুৰাপানৰ বাবে বা সুৰাপানেই হৈছে মূল কাৰণ)।
  14. টকা-পইচাৰ অসুবিধা হয় (সুৰাপানৰ বাবে)
  15. ইয়াৰ প্ৰভাৱ অনুভৱ কৰিবলৈ বৃহত পৰিমাণৰ মাদক দ্ৰব্যৰ প্ৰয়োজন হয়।
  16. সুৰাপান নকৰিলে আচন্দ্ৰাই কৰা, ঘাম ওলোৱা বা আনকি খোজ পৰ্যন্ত থৰক-বৰক হৈ পৰে।

মাদক দ্ৰব্যৰ অপব্যৱহাৰ কৰা এজন লোকৰ গাত এই চিন আৰু লক্ষণবোৰৰ বহুখিনিয়েই থাকিব পাৰে- কিন্তু তেওঁলোকে সুৰাৰ প্ৰতি আসক্তি ত্যাগ কৰাৰ কোনো লক্ষণ দেখা পোৱা নাযায় বা সুৰাপানৰ প্ৰতি অনিবাৰ্যতাৰ মাত্ৰাও কম নহয়।

মাদক দ্ৰব্যৰ প্ৰতি নিৰ্ভৰশীলতাৰ লগত জড়িত সমস্যাসমূহ হৈছে সৰ্বাত্মক, আৰু ই ব্যক্তিজনক শাৰীৰিক, মানসিক তথা সামাজিকভাৱে প্ৰভাৱিত কৰে। সুৰাপানজনিত সমস্যাৰ লগত জড়িত এজন ব্যক্তিৰ বাবে মদ্যপান কৰাটো অপৰিহাৰ্য হৈ পৰে- ই অন্য সকলোবোৰ ক্ৰিয়াকলাপক আওকাণ কৰি মদ্যপানতে অগ্ৰাধিকাৰ প্ৰদান কৰে। ইহঁত বহু বছৰৰ বাবে চিনাক্ত নোহোৱাকৈয়ে থাকি যাব পাৰে।

Please select the social network you want to share this page with:

We like you too :)

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Donec tincidunt dapibus dui, necimas condimentum ante auctor vitae. Praesent id magna eget libero consequat mollis.

SIMILAR POSTS
No comments yet

Enter the Discussion and post your Comment