
14
Aug 2015আমোদ-প্ৰমোদৰ মদ্যপান পৰিহাৰ কৰিবলৈ মই কি কৰিব পাৰোঁ ?
Posted by Responsible Consumption / in আমোদ-প্ৰমোদৰ মদ্যপান / No comments yet
আমোদ-প্ৰমোদৰ মদ্যপান পৰিহাৰ কৰিবলৈ ব্যক্তিগত পদক্ষেপো গ্ৰহণ কৰিব পৰা যায়ঃ
- আমোদ-প্ৰমোদৰ মদ্যপানৰ স্বাস্থ্যজনিত পৰিণতিৰ বিষয়ে সাৱধান হওক।আমোদ-প্ৰমোদৰ মদ্যপানৰ লগত জড়িত সমস্যাৱলীৰ সন্দৰ্ভত সাৱধান হোৱাটো হৈছে আমোদ-প্ৰমোদৰ মদ্যপান ত্যাগ কৰাৰ এক স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ।
- আমোদ-প্ৰমোদৰ মদ্যপানৰ পৰিস্থিতি তথা সম্ভাব্য ত্বৰাণ্বিতকৰণসমূহ পৰিহাৰ কৰক।যিবোৰ পাৰ্টিত সুৰাপান কৰাই মূল লক্ষ্য সেই পাৰ্টিবোৰৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। সুৰাপানৰ প্ৰতিযোগিতা বা খেলাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকক।
- এটা মানদণ্ডসম্পন্ন সুৰাপান কি বুজি লওক।যিহেতু পৰিৱেশন কৰা সুৰাৰ যিকোনো পৰিমাণ অনুমোদিত পৰিমাণতকৈ বেছি গতিকে তাৰপৰা সাৱধানে থাকিব।
- অতি মন্থৰ গতিত সেৱন কৰক। আপোনাৰ পানীয়বিধ এবাৰত মাত্ৰ কেইঢোকমানহে গিলক। এঘণ্টাৰ ভিতৰতে বিভিন্ন ধৰণৰ পানীয় সেৱন নকৰিব। আপোনাৰ অন্তিমটো ঢোকৰপৰা 90 মিনিটতকৈও পিছতহে আপোনাৰ শৰীৰটোৱে মাদক দ্ৰব্যবোৰ শোষণ কৰে, আৰু আপুনি এই কথা ৰোমন্থন নকৰিব পাৰে সেই সময়ত আপোনাৰ শৰীৰটো কেনেদৰে প্ৰভাৱিত হয়।
- পান কৰিবলৈ ছ’ডা বা অন্য মাদক-দ্ৰব্যবিহীন পানীয় পচন্দ কৰক।
- মাদক দ্ৰব্য সেৱনৰ বাবে সদৃশ মনোভাৱ পোষণ কৰা বন্ধুবৰ্গৰ লগতহে ওলাই যাওক। পৰিস্থিতি সাপেক্ষে বন্ধুবৰ্গই যথেষ্ট পৰিমাণৰ সতীৰ্থক হেঁচা প্ৰয়োগ কৰে। যি বন্ধুৱে আপোনাৰ সীমাবদ্ধতাক সন্মান জনায় তেনে বন্ধুকহে পচন্দ কৰক আৰু আমোদ-প্ৰমোদৰ সুৰাপান নকৰাটো বাচনি কৰক।
- এলক’পপৰপৰা দূৰত থাকক। এলক’পপত থাকে যথেষ্ট পৰিমাণৰ চেনি, সেয়ে সিবিলাক পৰম্পৰাগত ছ’ডা পানীৰ নিচিনা সোৱাদৰ হয় তথা পান কৰিবলৈ তেনে যেনেই লাগে।
- মনত ৰাখিব যে, মাদক দ্ৰব্যক অৱসৰ-বিনোদনৰ ঔষধ হিচাপে সামাজিকভাৱে মাৰ্জনা কৰা হয় যদিও, ই কোনো প্ৰতিযোগিতা নহয় নাইবা ই আকৰ্ষণীয় দেখুওৱাৰ কোনো উপায়ো নহয়।
আমোদ-প্ৰমোদৰ মদ্যপানৰ ওপৰত চূড়ান্তভাৱে বৰ্ধিত সজাগতা তথা বুজাবুজিয়ে স্বাস্থ্যকৰ আচৰণৰ বাবে সমাজক প্ৰভাৱান্বিত কৰাত সহায় কৰিব। অভিভাৱক তথা প্ৰাপ্তবয়স্ক লোকসকলক আমোদ-প্ৰমোদৰ মদ্যপানৰ নেতিবাচক প্ৰভাৱসমূহৰ বিষয়ে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু সমাজখনৰ সৈতে আলোচনা বিলোচনা কৰিবলৈ আগ্ৰহ কৰা হৈছে।