
20
Aug 2015পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্য কিয় ?
Posted by Responsible Consumption / in দায়িত্ববোধসম্পন্ন মদ্যপান / No comments yet
মাদক দ্ৰব্যই পুৰুষৰ তুলনাত মহিলাক পৃথকভাৱে প্ৰভাৱিত কৰে। তাৰ বহুতো কাৰণ আছে।
- বয়স বাঢ়ি অহাৰ লগে লগে মহিলাসকলৰ ওজন কম হৈ পৰে আৰু যি লোকৰ ওজন কম হয় তেওঁলোক বেছি ওজনৰ লোকৰ তুলনাত অধিক মাত্ৰাৰ ব্লাড এলক’হল স্তৰত উপনীত হয়।
- মহিলাসকলৰ শৰীৰত এডিপ’জ টিছু (চৰ্বি) অধিক পৰিমাণে থাকে, যাৰ ফলত মাদক দ্ৰব্য অধিক মন্থৰভাৱে অৱশোষিত হয় আৰু মাদক দ্ৰব্যৰ কুপ্ৰভাৱ অপসাৰিত হ’বলৈ অধিক সময় লয়।
- মাদক দ্ৰব্যক দ্ৰবীভূত কৰিবলৈ মহিলাৰ শৰীৰত কম পানী থাকে। যদি সমান ওজনৰ দুগৰাকী মহিলা আৰু পুৰুষে সম পৰিমাৰ মাদক দ্ৰব্য সেৱন কৰে, তেন্তে মহিলাগৰাকীৰ ব্লাড এলক’হলৰ গাঢ়তা অধিক বেছি হ’ব।
- মাদক দ্ৰব্যৰ বিভঙ্গন ঘটাবলৈ মহিলাৰ শৰীৰত উত্সেচকৰ মাত্ৰাও কম। শৰীৰত উত্সেচকৰ মাত্ৰা কম হোৱাৰ অৰ্থ হৈছে এগৰাকী মহিলাৰ শৰীৰত মাদক দ্ৰব্য অধিক সময়লৈ থাকি যায়।