
আপুনি মদ্যপান নকৰাকৈ গাড়ী চলোৱাটো কেনেকৈ সুনিশ্চিত কৰিব ?
কথাটো হ’ল, আঘাত নাপাবলৈ আপুনি গাড়ী চলোৱাৰ সময়ত মদ্যপান কৰিব নালাগিব। আপুনি সুৰাপানত সংযমী হ’ব পাৰে, কিন্তু আপোনাৰ দিশত অহা ড্ৰাইভাৰজনে আপোনাক প্ৰচণ্ড আঘাত হানিব পাৰে। আপোনাৰ নিজৰ তথা অন্য লোকৰ জীৱন ৰক্ষা কৰিবলৈ আপুনি কি কৰিব পাৰে সেই বিষয়ে তলত কিছুমান কথা উল্লেখ কৰা হ’লঃ
- ভোজন কৰক আৰু গাড়ী চলাওক, হাঁহি হাঁহি গাড়ী চলাওক, কথা পাতি পাতি গাড়ী চলাওক কিন্তু অনুগ্ৰহ কৰি মদ্যপান কৰি কেতিয়াও গাড়ী নচলাব, লাগে আন যিয়েই আপুনি নকৰক।
- মদ্যপান কৰি থকা কোনো লোকৰ লগত কেতিয়াও ভ্ৰমণ নকৰিব।
- আপুনি যেতিয়া সামাজিকভাৱে মদ্যপান কৰে তেতিয়া ঘৰলৈ যাবৰ বাবে সদায়েই এখন টেক্সী নাইবা ড্ৰাইভাৰ মাতক।
- মদ্যপান কৰাৰ পাছত আপোনাৰ সহকৰ্মী বা বন্ধুবৰ্গক কেতিয়াও গাড়ী চলাবলৈ নিদিব।
- আপুনি যদি এটা দলত আছে, ধৰক কিছু চমু দূৰত্বৰ প্ৰমোদ ভ্ৰমণলৈ ওলাই গৈছে তেন্তে এজন লোকক মাদক দ্ৰব্য সেৱন কৰাৰপৰা আঁতৰি থাকিবলৈ কওক আৰু গাড়ী চলাবৰ বাবে তেওঁকেই নিয়োগ কৰক।
- কোনো এটা পাৰ্টিলৈ যোৱাৰ সময়ত আপোনাক গাড়ী চলাই ঘৰলৈ লৈ আনিবৰ বাবে এজন ব্যক্তি (যিজনে মদ্যপান নকৰাকৈ থাকিব পাৰে)ক আগতেই ন্যস্ত কৰক।
- দায়িত্ববোধসম্পন্ন আচৰণ কৰক- যেতিয়া আপুনি মানুহক নিমন্ত্ৰণ জনায় আৰু আপ্যায়নৰ বাবে মদ যাচে, তেতিয়া সকলোৱেই নিৰাপদে ঘৰলৈ ঘূৰি যোৱাটো সুনিশ্চিত কৰক।
- যদিহে গাড়ী চলাবৰ বাবে আপোনাৰ হাতত কোনো বিকল্প নাই তেন্তে এলকহ’লমুক্ত বীয়েৰ, মকটেইল বা উচ্চ মানৰ ছফ্ট ড্ৰিংকছহে গ্ৰহণ কৰক।
- প্ৰতি নিশাই এখন বাৰ বা পাবৰ লগত জড়িত নাথাকিব- এখন ৰেষ্ট্যুৰাঁত এখন টেবুল বুক নকৰিব, হাইৱেৰ কাষৰ ধাবালৈ গাড়ী চলাই নাযাব বা আপোনাৰ মহানগৰৰ শেহতীয়া খাদ্য সম্ভাৰ পৰীক্ষা কৰিবলৈ নাযাব!