মদ্যপান আৰু ড্ৰাইভিং

Click Here To Return To Articles

Untitled-1

ই যাৰে তাৰে ক্ষেত্ৰতে হ’ব পাৰে। আনকি আপোনাৰ ক্ষেত্ৰতো। আপুনি পাৰ্টিলৈ যায়, বন্ধুবৰ্গক লগ কৰে, হাঁহে-মাতে আৰু সময়বোৰ উপভোগ্য কৰি তোলে। তাৰ ঘৰলৈ ঘূৰি যোৱাৰ সময় আহে। আপোনাৰ কাৰখনৰ ওচৰলৈ আপুনি ঢলং-পলংকৈ আগবাঢ়ে, ষ্টিয়েৰিং হুইলৰ পাছফালে বহি পৰে। আপুনি নিজকে নিজে আপোনাৰ নিচা হোৱা নাই, মাত্ৰ অকণমান বেছি হৈছে বুলি কয়। মুঠতে, আপুনি মাত্ৰ কেইপেগমানহে খায়। আপোনাৰ পতনৰ বাবে যিমানখিনি প্ৰয়োজন তাতকৈ আপুনি বেছিকৈও খাব পাৰে।

আপোনাৰ বেছি ভুল নহ’ব পাৰে।

মাদক দ্ৰব্যই আপোনাৰ ওপৰত এনেদৰে প্ৰভাৱ পেলায় যে যি আপোনাৰ গভীৰ উপলব্ধি, সিদ্ধান্ত গ্ৰহণ কৰিবপৰা ক্ষমতাৰ লগতে নিৰাপদে গাড়ী চলোৱাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ দক্ষতাও সলাই পেলায়। আপুনি স্বাভাৱিকভাৱেই গাড়ী চলাই আছে বুলি ভবাটো অতি সহজ প্ৰকৃততে শুদ্ধ নহয়।

এইখিনি কথা বিৱেচনা কৰকঃ

* সদ্যহতে হোৱা এটা সমীক্ষাত গম পোৱা গৈছে যে দেশখনৰ দিল্লী, মুম্বাইৰ নিচিনা মেট্ৰপলিটান মহানগৰসমূহ হৈছে নিচাখোৰ-ড্ৰাইভিঙৰ অধিকাংশ ঘটনা সংঘটিত হোৱাৰ সাক্ষী। য’ত অধিকাংশ পাৰ্টিলৈ যোৱা লোক বাস কৰে।

* এটা কথা ধাৰ্য কৰা হৈছে যে নিচাখোৰ-ড্ৰাইভিঙৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণৰ হাৰ বিগত পাঁচটা বছৰত 16 গুণ বৃদ্ধি পাইছে। এক নিশ্বাস-বিশ্লেষক যন্ত্ৰ (ব্ৰেথ-এনালাইজাৰ)ৰে সজ্জিত এটা আৰক্ষী দলৰ সম্মুখীণ হোৱাৰ সম্ভানৱা হৈছে অতি বেছি।

* নিচাখোৰ-ড্ৰাইভিং হৈছে পথ দুৰ্ঘটনাসমূহত অপঘাত মৃত্যুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ। আৰু ভাৰতেই সংঘতিত হয় বিশ্বৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ পথ দুৰ্ঘটনাজনিত অঘটন। দুৰ্ভাগ্যজনকভাৱে, প্ৰতি বছৰে এই সংখ্যা বাঢ়িয়েই থাকিব বুলি অনুমান কৰা হৈছে।